সমললৈ যাওক

পৃষ্ঠা:নাম-মালিতা.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সদ্যে পাপক্ষয়,  কৰি নৰে নাৰা
 য়নক পৱয় গৈয়া॥
বিষ্ণুক সম্যকে,  স্মৰিয়া সমস্তে,
 ক্লেশক বিনাশ কৰে।
পৰম বিশুদ্ধ,  চিত্ত হুয়া সুখে,
 মুকুতি পৱয় নৰে॥১১০॥
কৃষ্ণ স্মৰণৰ,  যিহেতু নিৰ্ম্মল,
 মুকুতি পৰম ফল।
তাৰ স্বৰ্গ পদ,  জানিবা নিশ্চয়,
 বিঘিনি মাত্ৰ কেৱল॥
ইহাক জানিয়া  যিটো অহৰ্নিশে
 বিষ্ণুক সম্যকে স্মৰে।
পাপ ক্ষয় কৰি হুয়া শুদ্ধ চিত্ত
 নযায় নৰকক নৰে॥ ১১১॥
স্নানাদি কৰ্ম্মত  যিটো ধ্যান কৰে
 নাৰায়ণ দেৱ তাক।
সমস্তে পাপৰ  মুক্ষ্য প্ৰায়শ্চিত্ত
 জানিবা নিশ্চয়ে আক॥
বিষ্ণু পুৰাণত   কৃষ্ণ স্মৰণ
 প্ৰসঙ্গ সংহৰি থঞোঁ।
শিৱ পুৰাণত  শুনা যেন মত
 নামৰ মহিমা কঞোঁ॥ ১১২॥