চৰণ লৈলোঁ শৰণ৭ ॥ ৭১ ॥ হেন কৃষ্ণ ধনঞ্জয় সখা, বৃষ্ণিকুল
শ্রেষ্ঠ দুষ্ট ৰজা, বংশৰ দহন অনন্তবীর্য্য গোবিন্দ। গো-
বিপ্র দেবদুঃখহাৰী, যােগেশ্বৰ সমস্তৰ গুরু, নমো ভগৱন্ত
তযু পদ অৰবিন্দ ॥ ৭২ ॥ ব্রহ্মা আদি কৰি জীব যত, ৰাম
ৰাম ৰাম ৰাম ৰাম, মায়া শয্যা মাঝে আচন্ত ঘুমটি যাই ।
তুমি সি চৈতন্য সনাতন, ৰাম ৰাম ৰাম ৰাম ৰাম, আমি অ-
চেতন নিয়োক নাথ জগাই ॥ ৭৩ ॥ ক্ষুদ্রসুখে বহু আশা কৰি,
ভৱকূপে জীৱ আছে পড়ি, কলসর্পে দংশি হৰিল চেতন তাৰ।
মোক্ষরূপ তযু বাক্যামৃত, কৃপায়ে সিঞ্চিয়া প্রতিনিত, দয়াময়
কৃষ্ণ কৰিয়ো মােক উদ্ধাৰ ॥ ৭৪ ॥ সৰােবাৰেৰ গ্ৰাহে ধৰি
আছে, গজেন্দ্রে পীড়াক পায়া পাছে, আকাশে গরুড়
কন্ধে চক্ৰ ধৰি হৰি। দেখি সুবৰ্ণৰ পক্ষ পৰি, বোলে
দুঃখে আর্তনাদ কৰি, নমো ভগৱন্ত গুৰু লৈযো দাস
কৰি ॥ ৭৫ ॥ মধুৰিপু ৰাম ৰঘুপতি, তুমি ভকতৰ নিজ
গতি, তোমাৰ চৰণে শৰণ কৰিলোঁ সাৰ। নমো দেৱ
দীন-দুখ-হাৰী, দয়াশীল দামােদৰ প্ৰভু আমি দুঃখিতক
চৰণে কৰা উদ্ধাৰ ॥ ৭৬ ॥ হে কৃষ্ণ তযু পাদপদ্ম, পঞ্জৰ
ভিতৰে মােৰ মন, ৰাজহংস পশি থাকোক প্রভু সৰ্ব্বথা ।
প্রাণ প্রয়াণৰ সময়ত, কফ বাত পীত আদি যত, কণ্ঠ
নিৰোধনে তোমাৰ স্মৰণ কথা॥ ৭৭ ॥ হে কৃষ্ণ পুত্র
পত্নী সঙ্গ, তেজি তযু পদ চিন্তি নিত, গর্ব্ব শূন্য সন্তসবৰ
আশ্রমে যাইব। তাসম্বাৰ মুখ পদ্ম বাঝ, হুইবে তযু কথা-
মৃত নদী, তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ॥ ৭৮ ॥
পৃষ্ঠা:নামঘোষা.djvu/৬৭
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬২ ]