পৃষ্ঠা:নামঘোষা.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীহৰিঃ।
শৰণং
নামঘোষা।

 ছবি॥ ভজন॥ মুক্তিত নিস্পৃহা যিতো, সেহি ভকতক নমো, ৰসময়ী মাগোঁহোঁ ভকতি। সমস্ত মস্তকমণি, নিজ ভকতৰ বশ্য, ভজোঁ হেন দেৱ যদুপতি॥ ১॥ যাৰ ৰাম কৃষ্ণনাম, নাৱে ভৱসিন্ধু তৰি, পাৱে পৰম্পৰ পাপী যত। সদানন্দ সনাতন, হেনয কৃষ্ণক সদা, উপাসা কৰোঁহোঁ হৃদয়ত॥ ২ নমস্কাৰ॥ মৎস্য কূৰ্ম্ম নৰসিংহ, বামন পৰশুৰাম, হলীৰাম বৰাহ শ্ৰীৰাম। বুদ্ধ কল্কি নামে দশ, আকৃতি ধৰিছা কৃষ্ণ, তযুপাৱে কৰোঁহোঁ প্ৰণাম॥ ৩॥ একান্ত ভকত সবে, নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত। বৈকণ্ঠকো পৰিহৰি, যোগিৰো হৃদয় এডি, থাকা- হৰি সাক্ষাতে তথাত॥ ৪॥ অব্যক্ত ঈশ্বৰ হৰি, কিমতে পূজিবা তাঙ্ক, ব্যাপকত কিবা বিসৰ্জ্জন। এতাৱন্ত মূৰ্ত্তিশূন্য, কেনমতে চিন্তিবাহা, ৰাম বুলি শুদ্ধ কৰা মন॥ ৫॥ কৰ্ম্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰ হোন্ত, তাৰ। দূৰতো বিদূৰ হোন্ত তাৰ, অহঙ্কাৰ থাকন্তেৰো, সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰবণ কীৰ্ত্তন ধৰ্ম্ম যাৰ॥ ৬॥ যিতো জনে শুদ্ধভাৱে, হৰিত শৰণ লৈয়া, হৰিক সুহৃদ বুলি আছে। হৰিৰ প্ৰসাদে সিতো, বিঘ্নিৰ মুণ্ডত ভৰি, দিযা হৰিগুণঅস্পষ্ট শব্দবোৰ "সূচী:সটীক নাম-ঘোষা.pdf"ৰ পৰা চাই লোৱা হৈছে।