( 48 ) সিষয় পূণ্য কিঙ্কৰ। ন পাসৰিহা কদাচিত, শুনা কথা ইতে বিপৰীত, হৰি পাৰিলে সিক পাপ নিৰন্তৰ। ১৬। ৩ানায়া পাৰ্বতি তুমি এবে, ৰাম ৰাম ৰাম বেলা যেবে, তােমাৰ বদন হৈবে শ্রেষ্ঠ অমূল্য। ৰাম ৰাম ৰাম ৰাম বুলি, ৰামত ৰমোহো সর্বক্ষণে, জানা ৰাম ৰাম সহস্র নামৰ তুল্য। ১৭। বাগম আদি কৰি যত, বিস্তৰ শাস্ত্ৰত নাহি কাষ, বিস্তৰ তীৰ্থত নাহি কিছু প্রয়ােজন। সংসাৰ তৰিতে খােজা যেবে, আপন মােক্ষৰ হেতু তেৰে, গোবিন্দ গােবিন্দ বেকত বোল বচন। ১৮ ॥ মাধৱে বােলও ধনঞ্জয়, মহা দুৰাচাৰো অতিশয়, আন দেৱ তেজি মােকেসে মাত্র ভজয়। তাকেসে পৰম সাধু বুলি, মানিবা মনত সর্বক্ষণে, যিহেতু সম্যকে কৰিলে মােক নিশ্চয় । ভক্তিৰ মহিমা অদ্ভুত, অধৰ্ম্ম তেজিষা ধৰ্ম্ম চিত্ত, হােৱে শীঘ্ৰ মোক ভজি জানা কুন্তীসুত । কাক যি কুতর্কী ন মানষ, তথা গৈয়া বাবদ চয়, বাহু মেলি কৰা অঙ্গিকাৰ অদ্ভূ ত । ২৩। মোৰে। পৰম ঈশ্বৰৰ, দুৰাচাৰ ভক্তো নােহে নষ্ট, কিন্তু সিতে। ভক্ত কৃতাৰ্থ অতি হােৱয়। তােমাৰ প্রগল্ভ প্রোঢ়ি শুনি, সমস্ত কুত পৰিহৰি, গুরুত্ব তােমাহ কৰিবে সবে আশ্রয় ২১ আমাৰ নিৰ্ম্মল ভকতি ত, দুৰাচাৰে। তাৰ কোন চিত্র, আমাক ভুজিয়া চণ্ডালাে তৰে সংসাৰ। স্ত্রী বৈশ্য, শূদ্র আদি যত, বিষয়ত মাত্ৰ সদা ৰত, মােক ভজি সুখে ইসবে। হােৰে উদ্ধাৰ । ২২। ব্রাহ্মণ ক্ষত্রিয় পুণ্য তনু, মােক ভজি তৰিবেক পুনু, আত নদভুত নাহিকে কোন সংশয়।
পৃষ্ঠা:নামঘোষা.djvu/৫৯
অৱয়ব