[ ৮ ]
নমো দেৱ দৈৱকী দায়দ। পৰম অনাথ আমি, তােমাৰ
চৰণে নমি, মাঁগোঁ প্রভু ভকতি প্রসাদ॥ ৬৩॥ ব্রহ্মা হৰ
পুৰন্দৰ, আদি দেৱ নিৰন্তৰ, যাত সদা পশষ শৰণে৷ আৰ
আন নাহি ত্রিভুবনে। ভকত জনৰ বন্ধু, কেৱল করুণা সিন্ধু,মােৰ গতি তোমাৰ চৰণে ॥ ৬৪। মায়াৰ নিগ্রহে মই,পৰম আতুৰ ভৈলোঁ, প্রাণ যদুপতি জীবন যদুপতি। অনাথৰ নাথ হৰি, তুমি কৃপাময় বিনে, মােৰ আৰ নাহি আন গতি ॥৬৫॥ হে প্রভু ভগৱন্ত, ইতাে সংসাৰত যত, আছে পাপী তাৰ মই সীমা। চৰণে থাপিযো মােক, পতিত পাবন নিজ, দেখায়ােক নামৰ মহিমা॥ ৬৬ ॥ তােমাত বিমুখ হৰি, হৈবাৰ দেখিযা মায়া, মােৰ মতি কৰিলে মােহিত ।এবে হৰি তযু পদ, সেৱাত যিমতে ৰহোঁ, হেন কৃপা কৰিতে উচিত ॥ ৬৭॥ নমো নমো নাৰায়ণ, প্রসন্ন হুযোক হৰি,
কৰিযোক মায়াক নিৰ্য্য়ান। আপনাৰ মহিমাক, আপুনি
বেকত কৰি, জীবক কৰিয়ো পৰিত্ৰাণ ॥ ৬৮ ॥ তােমাৰ
মায়ায়ে হৰি, কপট গুণক ধৰি, মুহিয়াছেঁ আমাক সমুলি।
গুচাযোক মাযা স্বামী, তােমাৰ চৰণে আমি, ভজি লোঁহোঁ
জয় জয বুলি ॥ ৬৯॥ মই অনাথক দয়া, কৰহু পৰমানন্দ,
দাস বুলি ধৰিযো মনত। থৈয়ো নিজ ভৃত্যৰ সঙ্গত। অঙ্গুলী
মুখত কৰো, দান্তে তৃণ তুলি ধৰো, কেশ চিণ্ডি দেও
চৰণত ॥ ৭০॥ অপৰাধ বিনাশন, তযু নাম নাৰায়ণ,
জানি নামে পশিলো শৰণে। আন গতি নাহিকে মৰণে,
অপৰাধ ক্ষমা কৰি, তুমি দয়াশীল হৰি, মােক ৰক্ষা কৰিযো