পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
নল-দময়ন্তী।


মহাকষ্ট পাইবা বনে,  নাহিবাহা অকাৰণে;
   আসা যদি মোৰ মাথা খাৱ।
প্ৰাণতো অধিকা তুমি,  প্ৰতিজ্ঞা কৰিলোঁ আমি;
  সাক্ষী কৰি ইন্দ্ৰ আদি দেৱ॥
কান্দি কহে দময়ন্তী,  তুৱা বিনে মোৰ গতি;
  নাহি আন শুনা প্ৰাণপতি॥
ইন্দ্ৰ আদি দেৱে ত্যজি  তোমাক আছোহোঁ ভজি;
  আবে কিয় নিদাৰুণ আতি॥
তোমাৰ পাশতে স্বৰ্গ,  তযু পদে চতুৰ্ব্বৰ্গ;
  নবাঞ্ছোহোঁ শৰীৰৰ সুখ।
তোমাৰ সুখতে সুখ,  তযু দুঃখে মোৰ দুঃখ;
  দাসী প্ৰতি নোহোৱা বিমুখ॥
চৰণত ধৰো মই,  নেদা বাধা মহাশয়;
  যাওঁ মই তোমাৰ সহিত।
তোমাৰ দেখিলে মুখ,  কোন ছাৰ স্বৰ্গ সুখ;
  নবাঞ্চোহোঁ তাক কদাচিত॥
তোমার, বিহনে মোৰ,  স্বৰ্গয়ো নৰক ঘোৰ;
  শুনা প্ৰভু কহিলো নিশ্চিত।
একলে পাইবা কষ্ট,  অৰণ্যত বহুমত;
  মোক সঙ্গে লইবে উচিত॥
ৰাণীৰ বচন শুনি,  কহে নল নৃপমণি;
  যত কহো নুশুনিলা কাণে।