পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুখপাত।


 প্ৰায় চাৰি পাঁচ শ বচৰৰ পূৰ্ব্বে শঙ্কৰদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী আদি মাহাত্মা সকলে ভাগৱত, মহাভাৰত আদি অসমীয়া ভাষাৰে ভাঙ্গি অনেক পদ পুথি ৰচনা কৰি গৈছে কিন্তু আসামত এই দীৰ্ঘকালৰ ভিতৰত ভাষাৰ অনেক পৰিবৰ্ত্তন হৈছে এতেকে মই বহু যত্নেৰে এই পদ পুথি খনি ৰচনা কৰিলো। ইয়াত পদৰ অমিল, ভাষাৰ কঠোৰতা প্ৰভৃতি অনেক দোষ থাকিব পাৰে, স্বদেশহিতৈষী মহোদয় সকলে অনুগ্ৰহ কৰি এই পুথিত যিবিলাক ভ্ৰম প্ৰমাদ আছে তাক দেখুৱাই দিলে তেঁওবিলাকৰ ওচৰত কৃতজ্ঞতা পাশত বন্ধা থাকিম।

 এই পুথি খনি শ্ৰীযুত শিবনাথ ভট্টাচাৰ্য্য মহাশয়ে এবাৰ আদ্যোপান্ত পঢ়ি বৰ্ণাশুদ্ধি বিষয়ত মোক যথেষ্ট সহায় কৰিলে সেই কাৰণে মুক্তকণ্ঠে তেঁওৰ সলাগ ললো। ইতি।

ডিব্ৰুগড়,
শক ১৮১১, ১ কাৰ্ত্তিক।
শ্ৰীপূৰ্ণকান্ত শৰ্ম্মা।