পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
নল-দময়ন্তী।


নৰমে ৰোহিণী কন্যা যিবা কৰে দান।
অন্তকালে পাৱে সিটো বিষ্ণু পদে স্থান॥
পিতৃলোকে পাৱে জল দশমী কন্যাত।
আত পৰে ৰজস্বলা জানাহা নিশ্চিত॥
কেনুয়া সাহসে তুমি আছা হুই স্থিৰ।
যৌবন দেখিয়া মোৰ দময়ন্তী জীৰ॥
ৰাজা বোলে ৰাণী তুমি শুনা মই কওঁ।
দময়ন্তী যোগ্য বৰ বিচাৰি নপাওঁ॥
চিন্তাত অস্থিৰ মই শুনা প্ৰাণেশ্বৰী।
যোগ্য বৰ পাইলে বিহা দিবো আজি ধৰি॥
গাভৰু দেখিয়া কন্যা ভীম নৰপতি।
কৈতনো বিবাহ দিবে চিন্তাকুল আতি॥
স্বয়ম্বৰ পাতিবাক স্থিৰ কৰি মন।
দেশে দেশে নিমন্ত্ৰণী পঠাইলা ৰাজন॥
কটকী খাউন্দ আৰু বৈৰাগীৰ ঝাক।
পঠাইলা স্থানে স্থানে ৰাজাৰ সভাক॥
অঙ্গ বঙ্গ কলিঙ্গ সিংহল কুৰুক্ষেত্ৰ।
কাশী কাঞ্চী পাঞ্চাল নগৰ সুপবিত্ৰ॥
কামৰূপ কেকয় কৌশল্য মেকাম্বৰ।
হেড়ম্বৰ হৰিদ্বাৰ হস্তিনা নগৰ॥
গোকুল উৎকল তুষ্ট জঙ্গন পটল।
অযোধ্যা অম্বিকা আৰু অবন্তী ঘাটল॥