পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
নল-দময়ন্তী।


স্বামীৰ বিচ্ছেদে ক্ষীণা বিবৰ্ণ বদন।
গুণি ভাবি বিপ্ৰে তেবে বুলিলা বচন॥
শুনা আই মই হওঁ ভ্ৰাতৃ সখা তোৰ।
তোমাক চাহিয়া ভ্ৰমো দেশ দেশান্তৰ॥
তযু পুত্ৰ কন্যা দুটী আছয় কুশলে। •
তোৰ অৰ্থে পিতৃ মাতৃ তিতে নেত্ৰজলে॥
এতেক কহিলা যদি সুদেব ব্ৰাহ্মণ।
উচুপিয়া ভৈমী তেবে যুড়িলা ক্ৰন্দন॥
বাৰ্ত্তা শুনি ৰাজৰাণী শীঘ্ৰগতি আইলা।
কাহাৰ তনয়া এহি ব্ৰাহ্মণে সুধিলা॥
যদি কিছু জানা মোক কোৱা দ্বিজবৰ।
শুনিয়া সুদেব তেবে কৰিলা উত্তৰ॥
বিদৰ্ভ ঈশ্বৰ ভীম ৰাজাৰ দুহিতা।
নৈষধৰ পতি নল ৰাজাৰ বণিতা॥
নল ৰাজা ৰাজ্য ধন পাশাত হাৰিলা।
ভাৰ্য্য়া সঙ্গে লই ৰাজা অৰণ্যে পশিলা॥
বাৰ্ত্তা শুনি শোকাতুৰ বিদৰ্ভ ৰাজন।
দেশ দেশান্তৰে পাঠাই যত বিপ্ৰগণ॥
মোৰ ভাগ্যে তযু গৃহে আক দেখা পাইলো।
ভ্ৰুবৰ মধ্যত তিল দেখিয়া চিনিলো॥
এত শুনি ৰাজমাও আসি আগ বাঢ়ি।
কোলাত ভৈমীক লৈয়া বোলে হৰি হৰি॥