পৃষ্ঠা:নগা কোঁৱৰ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কমলানন্দ ভট্টাচাৰ্য্য

 ⸻প্ৰখ্যাত নাট্যকাৰ, জনপ্ৰিয় কবি, কৃতী সুৰসাধক আৰু আদৰ্শ শিক্ষক কমলানন্দ ভট্টাচাৰ্য নগাৱঁ‌ৰ এটি বিদ্যানুৰাগী, সঙ্গীতপ্ৰেমী, সংস্কৃতিবান মধ্যবিত্ত পৰিয়ালৰ সন্তান। ঊনবিংশ শতাব্দীৰ শেষ দশকত তেওঁৰ জন্ম।

 নগাওঁ, গৌহাটী, কলিকতাত শিক্ষা সমাপন কৰি তেওঁ শিক্ষকতা বৃত্তি গ্ৰহণ কৰে। সাত বছৰ কাম কৰাৰ পিছত মহাত্মা গান্ধীৰ আহবানত চাকুৰী এৰিদি তেখেতে জাতীয় আন্দোলনত যোগদান কৰে। দেশৰ কাৰণে তেওঁ কেইবাবাৰো কাৰাবৰণ কৰিছিল।

 সৰুৰে পৰা সাহিত্য, সঙ্গীত, নাট্যকলা আদিৰ প্ৰতি ভট্টাচায্যদেৱৰ যি গভীৰ অনুৰাগ দেখা গৈছিল জীৱনৰ শেষ দিনলৈ সেই অনুৰাগ অটুট আছিল। এজন খাঁটি সাধকৰ নিষ্ঠালৈ তেখেতে আজীৱন মাতৃভূমি আৰু মাতৃভাষাৰ সেৱা কৰি গৈছে।

 তেখেতৰ কাপৰ পৰা ওলোৱা নগা কোঁ‌ৱৰ, বাউলী, চিত্ৰাঙ্গদা, অৱসান আদি গ্ৰন্থ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। জেলত থকা অৱস্থাত তেওঁ কেইবাখনো কিতাপ লিখিছিল। বিয়াল্লিচৰ বিপ্লৱৰ সময়ত উদ্ধত শাসনশক্তিৰ অত্যাচাৰত ইয়াৰ বহুত চিৰতৰে ধবংস হৈ গৈছে।

 ১৯৫১ চনত এই দৰদী শিল্পীৰ জীৱনদীপ নিৰ্বাপিত হয়—

 

বিঃ দ্ৰঃ লিখকৰ সম্পৰ্কে বিস্তাৰিত জ্ঞাতব্য ২২০ পিঠিত