সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চতুৰ্থ দৃশ্য

[ নগা পৰ্ব্বতৰ নামনি। এখন জুৰিৰ দাঁতিত এটি সৰু পঁজা ঘৰ। চাঙৰ ওপৰত মৃত্যুশয্যাত নগা কুঁৱৰী।

ওচৰতে চেংলুং আৰু খুণবাও।]

 চেংলুং—এটোপা পানী খাবা আই।

 নগাকুঁৱৰী—পানী আৰু নেলাগে বাছা। মোৰ আৰু বেছিপৰ নাই। অলপ চাপি আহ বাছা।

 [ ডিঙিৰ হাৰ সোলোকাই চেংলুঙক পিন্ধাই দি সাবটি ধৰি মূৰত চুমা খায়।]

 ইমান দিন তোক কোৱা নাই বাছা। কোৱা নাই জানোছা কিবা কৰি পেলাৱ।

 চেংলুং—কি কোৱা নাই আই।

 নঃকুঃ--কোৱা নাই যে তই নগা নহৱ। খুণবাও তোৰ জন্মদাতা পিতা নহয়!

 চেংলুং--তেন্তে!

 নঃ কুঃ--তই ৰাজপুত্ৰ বাছা! মই অভাগীৰ কপাল দোষত আজি তই দৰিদ্ৰ পৰ্ব্বতীয়া নগা।

 চেংলুং--তেন্তেকি নগাহঁতে তোমাক বন্দী কৰি আনিছিল আই? ইমান দিন তেন্তে এই মহাশত্ৰুহঁতক আপোন বিশ্বাস কৰি আছোঁ। ইমান দিন তুমি কিয় কোৱা নাই আই! অসভ্য বৰ্ব্বৰ এই নগাহঁতে--