পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৵৹

জীৱনক ৰসাল কৰি থৈছে। আমাৰ জীৱনত সকলোতকৈ সঙ্গীতৰ আধিপত্য বেছি। ই নহলে আমাৰ জীৱন শুকান, কৰ্ক্কৰীয়া, আৰু নীৰস হয়। যি জাতিৰ মাজত সঙ্গীত বিদ্যাৰ আলচ নাই সেই জাতি মৰা, আৰু বাৰেওটি কাল অজ্ঞান এন্ধাৰত পৰি থাক।

 সৎ সঙ্গীতে মানুহৰ প্ৰকৃতিত বৰ ওখ পৰিবৰ্ত্তন ঘটায়, ইয়াকে ভাবি আমি কেইজনমানে গোট খাই আজি এই “ধৰ্ম্ম- সঙ্গীত” খনি ৰাইজৰ আগত ধৰিলোঁ। ধৰ্ম্মভাৱ মানুহৰ মনত প্ৰৱল কৰাই এই পুথিখনিৰ উদ্দেশ্য। পাঠকসকলে পুথিৰ চিনাকী-পাততেই লেখোঁতাসকলৰ পৰিচয় পাইছে।— তেওঁলোক অলপ জ্ঞান আৰু অলপ বুদ্ধিৰ ছাত্ৰ মাথোন। অযোগ্যৰ হাতত পৰি এই ডাঙ্গৰ উদ্দেশটো নো কিমান সফল হৈছে, তাক পাঠক আৰু গায়ক সকলেই বিচাৰ কৰি চাব। আমাৰ উদ্দেশ্য যদিও ডাঙ্গৰ, তেওঁ আমাৰ আশা নিচেই অলপ। কেতিয়াবা এখন্তকলৈকো যদি কেনো জনৰ মন ধৰ্ম্মভাৱৰ পোহৰেৰে ই পোহৰাব পাৰে, তেনেহলেই আমাৰ সকলো আশা আৰু পৰিশ্ৰমৰ অতিৰিক্ত বেচ পালোঁ বুলি ভাবিমহঁক।

 সকলোৰে ব্যৱহাৰৰ উপযোগী কৰিবলৈ ইয়াত অসাম্প্ৰ- দায়িক ভাৱৰ সঙ্গীত সন্নিবেশিত কৰা গল। বৰ্ত্তমান অসমীয়া সাহিত্যৰ কেইজনমান নাম জলা লেখকৰ সঙ্গীত, তেওঁলোকৰ মত লৈ ইয়াত সন্নিবেশিত কৰা গল। বঙ্গলা ভাষাৰ “ব্ৰহ্মসঙ্গী- তৰ” কেইটিমান ভাল ভাল সঙ্গীতৰ অসমীয়া ভাঙ্গনিও ইয়াত আছে। ইয়াত হিন্দী বঙ্গালী আৰু কেইটিমান অসমীয়া সুৰৰ সঙ্গীত পাঠকসকলে দেখিবলৈ পাব। লেখকসকলে অসমীয়া গানৰ সুৰ ভালকৈ নজনাত, অসমীয়া সুৰৰ গীত নিচেই তাকৰ