পৃষ্ঠা:ধৰম গিত.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
য়িচু ত্ৰান কৰ্তা।

তেতিয়াও থাকি সেই বিস্বাসি
 তাত ন কৰে মনৰ ত্ৰাস,
কিন্তু ৰঙ্গে সাধু সঙ্গে,
 পাব অজৰ অমৰ বাস।  ন. ল.

৪১

Condescension of Christ.
Kelly. 11.

আমাৰ প্ৰভু য়িচুৰ মহিমা অপাৰ,
সকলো জগতে হৈ আচে প্ৰচাৰ;
জি আচে সেই প্ৰভুৰ মান সিৰে ধৰি,
লৰি ফুৰিলেও থিৰ থাকে ভৰি।

হে পাপি লোক, প্ৰভু খ্ৰিষ্টৰ ধৰম গুন,
জি কৰিলে আহি, তাকে মন দি সুন;
এৰি অতি আনন্দ স্বৰগৰ জি সুখ,
পাপক হৰন কৰি পালে মহা দুখ।

দেখা, দেখা, প্ৰভুৰ ইমান হল মৰম;
কোন দেৱতাই আচে কৰি এই কৰম?
সকল পাপিৰ কাৰন দিলে এই উধাৰ;
এনে প্ৰভু য়িচু ধৰম অৱতাৰ।   ব. দ.