পৃষ্ঠা:ধৰম গিত.djvu/৪২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৪

ধৌৰ্জেৰে সহিলে, পাছে চাৰি দিনৰ দিনা য়ানৰ ম্ৰিত্যু ওচৰ চাপিলত, সেই দায়ালু মন হোআ খেতিয়কৰ আৰু তাৰ তিৰোতাৰ মৰম য়ানৰ ওপৰত হোআৰ কাৰনে য়ানে সিবিলাকক অনেক ধন্যবাদ কৰিলে, আৰু সি মৰিবৰ অলপ নিমিসৰ আগেয়ে সৰু মাতেৰে ধৰম গিতৰ এই গিত গান কৰিলে।

উঠা হে মোৰ আত্মা, উৰন কৰা ওপৰ,
 স্বৰ্গ থানৰ পথে দি;
আৰু বোলা, কিচু নাহি তলে সুৰ্জৰ,
 তোমাৰ পদৰ জোগ্য জি।

 এইবিলাক কথাৰে আপোনাৰ চকু মুদি খ্ৰিষ্টৰ তেজৰ প্ৰাচিতৰ দোআৰাই আত্মা মুক্ত হৈ সুখি ঠাইলৈ উঠি গল। জিবিলাকে য়ানক জানিচিল আৰু প্ৰেম কৰিচিল, সিবিলাকে তাৰ চাৰিও ফালে থিয় দি মনত সোক কৰি কান্দি কান্দি থাকিল। এই দৰে সেই মনোহৰ লৰা ম্ৰিত্যু হল। জদিও সি এক অনাথ মাউৰা লৰা আচিল, তেও তাক সকলোএ প্ৰেম কৰিচিল, আৰু জিবিলাকে তাক জানিচিল, সিবিলাকে