পৃষ্ঠা:ধৰম গিত.djvu/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১২

পাপ। তাকে বুজাত য়ানে আটাই পাপৰ পৰা ৰখ্যা পাবৰ কাৰনে কোনো নিৰ্জান ঠাইত গৈ নিতৌ য়িচুত প্ৰাৰ্থনা কৰি কৰি থা- কিচিল।

 পাচে য়ানৰ বাৰ বচৰ বয়স হলত, সিখ্যকে তাক কোনো এক খেতিয়কৰ তত কম লগাই দিলে। পাচে সেই খেতিয়ক আৰু তাৰ তি- ৰোতাই বৰ দায়া আৰু ইচাৰে সেই লৰাক ৰাখিলে; আৰু সিবিলাকৰ দুইৰো মন অতি সিঘ্ৰে সেই লৰাৰ ওপৰত আসক্ত হল; কিয়নো সিবিলাক দুজনেও প্ৰভু য়িচুক প্ৰেম কৰিচিল। আৰু য়ানে আপোনাৰ দিনৰ কাম কৰি এঁ‌টাই গধুলি পৰত প্ৰভু য়িচু খ্ৰিষ্টৰ কথা ধৰম পুথিত পৰ্হি সেই কথাকে পুনৰ আপোনাৰ চাৰিও ফালে বহা মানুহৰ আগত বুজুআতকৈ আন একোতে বৰ আনন্দ নে পাই- চিল। পাচে জহ কাল পৰিলত য়ানে পথাৰত এদিন সুকান ঘাঁহ আনিবলৈ গলত, গাৰিৰ ওপৰত ঘাঁহ ভৰা দি ঘৰলৈ ওভতাই চলাই আনোঁ‌তে গাৰিৰ ঘোঁ‌ৰা এটাই ভই পাই উচাব