পৃষ্ঠা:ধৰম গিত.djvu/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

য়ানি হাৰ্মচেন নামেৰে এটা মাউৰা লৰাৰ বিবৰন।

 হলণ্ড দেসৰ গেলডৰ্ন প্ৰদেশৰ এক সৰু গাঁৱত য়ান হাৰ্মচেন নামেৰে এটা মাউৰা লৰা আচিল। ইঙ্গৰাজি ১৭৭৮ সঁকত জনম হৈ ১৩ বচৰ বয়সত তাৰ ম্ৰিত্যু হল। তাৰ বাপেক এজন দুখিয়া পৰিস্ৰমি লোক হোআৰ কাৰনে আপোনাৰ লৰক পৰ্হা সালিত পঠিয়াব নোঅৰা দেখি সেই লৰা অগিয়ানি হৈ বাৰ্হি ডাঙ্গৰ হল। তাৰ আঠ বচৰ বয়সত মাক মৰিল। সেই সময়ৰ পৰা অকলসৰিয়া হলত খেতি পথাৰে সুই ফুৰি আপোনাৰ দিন কাল এনেই নিয়াইচিল; আৰু বিস্ৰাম বাৰৰ দিনাও সি আপোনাৰ অসাৱধান বাপেকে সৈতে লগ হৈ গৈ, জত একো নি সিকি কেৱল অনুচিত আৰু ইস্বৰক নিন্দা কৰাৰ