পৃষ্ঠা:ধৰম গিত.djvu/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আয়ুস জাত্ৰাৰ দিন।

আমাক উৰাই নিচে কাল
 অনন্ত পৰলোক,
আয়ুস কেৱল জাত্ৰাৰ দিন,
 বিয়াধি আৰু সোক।
জৌৱন, সোভন, সংসাৰৰ
 সকল সুখ তিলেকত বই,
মৰ্ত্যৰ জি উতম সুন্দৰ,
 মৈদামত হব খই।

আমাক উৰাই নিচে কাল
 অনন্ত পৰলোক,
আয়ুস কেৱল জাত্ৰাৰ দিন,
 বিয়াধি আৰু সোক।
কিন্তু জাব খ্ৰিষ্টৰ দাস
 ভুগি সুখ ওপৰৰ ঠাই;
সোভা হব প্ৰভুৰ পাস,
 অনন্ত জৌৱন পাই।