পৃষ্ঠা:ধৰম গিত.djvu/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

হল। পাচে ১১ বজা মানত চকুত জাল মাৰি ধৰাত ঘনে ঘনে মচিবলৈ ধৰিলে। তেতিয়া মেম চাহাবলৈ ঘূৰি চাই কলে, তোমাৰ ৰুপ কেনেবা আচৰিত জেন দেখোঁ। তাৰ অলপৰ পাচে হাত চেঁচা পৰিল, নখ কলা পৰি গল, উখাহো দিঘলকৈ ৩। ৪ বাৰ লৈ পাচে উখাহ নাই কিয়া হল। এই ৰুপে জি প্ৰিয় স্বামি, লৰাহঁতৰ মৰমিয়াল বোপাই, মণ্ডলিবিলাকৰ ৰখ্যক, আৰু দেও পুজকৰ মিতিৰ, জি জনে বাপ মাও, ভাই ককাই, মিতিৰ কুটুম দেস এৰি, নতুন নিয়মৰ সুভ বাত্ৰা দেও পুজকবিলাকৰ আগত সিকাবলৈ আহিল, সেই জনৰ জিৱাত্মা স্বৰগৰ পবিত্ৰ থানৰ দুত আৰু সাধুবিলাকৰ সঙ্গত থাকি স্তুতি গিত গান কৰিবলৈ গল।

 পাচে মেম চাহাব আৰু লৰাহঁতে অসন্তোস কৰি কান্দিবলৈ ধৰিলে। সিবিলাকৰ সান্তনাৰ নিমিতে ম্ৰিত্যু সৰিল মাথোন থাকিল, তথাচ মৰা জনৰ মুখো হৰ্সিত জেন, দেখিবলৈকো অতি সুন্দৰ হৈ আচিল; কিন্তু কন্দাবিলাকক