পৃষ্ঠা:ধৰম গিত.djvu/৩৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বৰগৰ সুখ।

ইস্বৰৰ জি পৰম ঠাই,
 তাত নাই কোনো কলে খই;
সেই থান সাধু লোকে পাই
 থাকিব আনন্দমই।

দিনে ৰাতি স্তুতি গান
 সদাই সুনি সুন্দৰ সুৰ;
প্ৰিতিৰ বাহিৰ তাত নাই আন,
 সকল মুখে প্ৰেম প্ৰচুৰ।

সুনা, সুনা দুতৰ গান,
 কেনে সুন্দৰ সুৰে গাই;
সিবিলাকৰ সকল মন
 থাকে বৰ আনন্দ সদাই।

ঠাই জেন পাঁও হে প্ৰভু তাত,
 সুচি কৰা মন আমাৰ;
সাৰি পাপ সকলৰ হাত
 কৰিম স্তুতি গান তোমাৰ।   ন. ল.