পৃষ্ঠা:ধৰম গিত.djvu/৩৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৩

 পাচে স্মিথ চাহাবৰ ইচাৰে এই পদো লিখা হল।
 “জি মানুহে পাপিক ভ্ৰমি জোআ পথৰ পৰা পালটাই অনে, সি তাৰ আত্মা মিত্যুৰ পৰা ৰখ্যা কৰে, আৰু অনেক পাপ সমুহ ঢাকে। ”—য়াকোব ৫ আধ্যাৰ ২০ পদ।

 জেতিয়া মই প্ৰথমে বৰ্হমপুৰলৈ গৈচিলোঁ সৰু হেনৰিৰ মৈদাম দেখিলোঁ। তেতিয়া হলে অতি সুন্দৰ ৰুপে আচিল, আৰু সেই লিখাও ভালকৈ পৰ্হিব পৰা হৈচিল; কিন্তু সেই দেসৰ জলজুক্ত বতাহে হেনৰিৰ মৈদাম কলা কৰি, চাৰিও ফালে থকা আন মৈদামৰ মাজত তাক চিনিব নোঅৰা কৰিলে, ইয়াকে সুনিচোঁ। কিন্তু এয়ে অসন্তোস কৰা কাৰন ন হই, কিয়নো হেনৰিক জনা সকলো মানুহে অনেক দিনৰ আগৰে পৰা বৰ্হমপুৰ এৰিলে, আৰু এই প্ৰিয় লৰাই, অপোনালৈ অখই অধিকাৰ পালে বুলি স্বৰুপকৈ জানিচোঁ। “সংসাৰ আৰু তাৰ সুখ ভোগ লোপ হৈ জাই, কিন্তু জি জনে ইস্বৰৰ ইষ্ট কৰম কৰে, সি