পৃষ্ঠা:ধৰম গিত.djvu/৩৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১


পোন গৰাকিক সন্তোস কৰিবৰ নিমিতে কৰিচোঁ‌ হই, কিন্তু ইস্বৰক সন্তোস কৰিবৰ নিমিতে ন হই। সি হেলা ন কৰি হেনৰিৰ ওচৰত ধৰম পুথি পৰ্হিব ধৰিলে, আৰু হেনৰিএও আপোনাৰ সোআ খাটৰ ওপৰত পৰি থাকি হিন্দুস্থানি ভাসাৰে তাৰ পৰ্হা সুনিলে, আৰু সি জি জি পৰ্হে তাকে হেনৰিএ সদাই তাক ৰাখি ৰাখি বুজাই। তাৰ বুজুআ কথা অতি উতম আৰু সুন্দৰ; পণ্ডিত আৰু বুৰা লোক সক- লতকৈও তাৰ কথা বেহেৰাই বুজিবৰ কাৰনে পোন আৰু ভাল পাইচিল।

 বেহেৰাই তাৰ ওচৰত ধৰম পুথি পৰ্হাৰ অন্তৰ সময়ত, বেৰন মেম তেঁওৰ ওচৰতে বহিলত, হেনৰিএ তাক বেগতে ৰাখি কলে, অস! বেহেৰা, মই জদি ধৰম পুথি পৰ্হিবলৈ নি সিকিলোহেঁতেন, আৰু তাক জদি বিস্বাস ন কৰিলোঁহেঁতেন, তেন্তে এই কালত কিমান বৰ দুখিত হলোঁ‌হেঁতেন! কিয়নো আৰু অলপ দিনৰ মুৰত মই মৰিশালিলৈ জাম; তাৰ পৰা জেতিয়ালৈকে সেসৰ দিনত মোৰ সৰিল