পৃষ্ঠা:ধৰম গিত.djvu/৩০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৪৫

তিয়া এই সকলো লোকে ইস্বৰৰ নিমিতে এই পৰ্বতৰ ওপৰত এটা সুন্দৰ গিৰ্জা ঘৰ সাজি, দেও বাৰৰ ৰাতি পুআতে ভজনা কৰিবলৈ একে লগে আটাইবোৰ তালৈকে জাই, আৰু সন্ধ্যা বেলাও আপোন ঘৰৰ দুআৰতে বহি সাস্ত্ৰ পৰ্হি থাকে, তেতিয়া কেনে আনন্দ পোআ হব! মই তোমাৰ সাস্ত্ৰৰ কথা কেঅি নাই, পৰম ইস্বৰে দিয়া জি ধৰম সাস্ত্ৰ, সেই আমাৰ সাস্ত্ৰৰহে কৈচোঁ।

 বেহেৰাই কলে, হই, এনে কাল আহিচে, জিহতে সকলো জগতৰ লোক একে মতৰ হব, আৰু জাতিও নে থাকিব ইয়াকে জানোঁ। কিন্তু সেই কাল কেতিয়া হব তাক নে জানোঁ আৰু তেতিয়ালৈকে আমি জিয়াই নে থাকিম।

 হেনৰিএ কলে, এতিয়াও তেনে দেস এখন আচে জতে জাতি কুল নাই, আৰু আমি সকলোএ ইয়ে সিয়ে প্ৰিয় ভাই ককাই নিচিনা হম। এই দেশতকৈ সেই দেশ আতি উতম; তাত একো হিংসক জন্তু নাই, আৰু ভোক, পিয়াহ নে লাগে, পানি সদাই পোআ জাই,

গ ৪