পৃষ্ঠা:ধৰম গিত.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৯

লোএ স্বৰ্গলৈ জোআ বাট দেখাই। মচলমানবিলাকৰ মত, আৰু হিন্দুবিলাকৰ মত, আৰু খ্ৰিষ্টিয়ানবিলাকৰ মত, এই সকলো মতেই স্বৰগলৈ নিয়াই, আৰু সকলো মত ভালো। বেহেৰাই আৰু কলে, বোলে, জদি মই মহা পাপ কৰি গঙ্গাত স্নান কৰোঁগৈ, তেন্তে তেতিয়াই নিস্পাপি হম; এই ৰুপে অনেক অনেক অনৰ্থক কথা কৈ থকাত, কেতিয়াবা হেনৰিএ উতৰ দিবই নোআৰিচিলে। কিন্তু হেনৰিএ আপোনাৰ থিৰ কৰা কৰমলৈ বৰ চিন্তা কৰিচিল; জদি বেহেৰাই কেতিয়াবা তাক উতৰ দিব নোঅৰাকে কৰে, তথাপি সি ইস্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি, আৰু ধৰম পুথি পৰ্হি এঁটাই, আকও সেই কথাত বাদ বিচাৰ কৰেহি। কোনো কোনো সময়ত হেনৰিএ বেহেৰাৰ গাতে পৰি তাৰ মুখলৈ চাই কই, অস! প্ৰিয় বেহেৰা, তুমি ওলটা বাটে চলিচা, তোমাক জি পোন বাটে মই নিব খোজোঁ তালৈ তুমি ইচা ন কৰা। পৰিত্ৰানৰ অকল এটা বাট আচে, সেয়ে আমাৰ ত্ৰান কৰ্তা প্ৰভু য়িচু