পৃষ্ঠা:ধৰম গিত.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

১২

আঁঠুৰ মাজত বহি থাকিলহি। পাচে তেঁও তাৰ প্ৰমান চাবৰ নিমিতে, অতি সুন্দৰ নক্‌চা আৰু নতুন কিতাপ উলিয়াই আনিলে, তথাপি সেই দিনা লৰা তেঁওৰ ওচৰলৈ আৰু ন গল। পাচে ৰাতি তেঁও দু আৰ জঁপাই কোঁঠালিৰ মাজতে হেনৰিৰ কাৰনে ইস্বৰৰ আগত অনেক প্ৰাৰ্থনা কৰিলে; তাতে তেঁওৰ স্বৰগত থকা পিত্ৰি জি জনক প্ৰভু য়িচু খ্ৰিষ্টৰ নামেৰে প্ৰাৰ্থনা কৰিচিল, তেঁৱে সেই প্ৰাৰ্থনা সুনিলে। কিয়নো তাৰ পাচ দিনা, হেনৰিএ তাৰ আগৰ খঙ্গ পাহৰি, তেঁওৰ কেঁঠালিৰ ভিতৰলৈ ৰঙ্গ মনেৰে আহিল, অৰুি তেতিয়াৰে পৰা তেঁও তাৰ আগত ধৰমৰ কথা ভাল ৰুপে কব পৰা হল, আৰু হেনৰিক আঁঠু কৰ্হাই, এনেকৈ প্ৰাৰ্থনা কৰালে, হে মোৰ ইস্বৰ, স্বৰুপ ধৰম বুজিবলৈ মোক গিয়ান দিওক। মেমে হিন্দুবিলাকৰ এটা মাটিৰ পুতলা অনাই, হেনৰিএ তাকে ভালকৈ বিচাৰ কৰি চাবলৈ কৈ, পুতলা মাটিতে পেলাই দিলে, তাতে সি ডোখৰ ডোখৰ হৈ ভাগি গল। তেতিয়া তেঁও হেনৰিক কলে