পৃষ্ঠা:ধৰম গিত.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
ক্ৰিপা মাগন কৰা।


১৯৭
“ Show pity, Lord, O Lord, forgive."
Windham. L. M.

অহ, ক্ৰিপা, ক্ৰিপা, হে ইস্বৰ!
মোক খেমা অতি খেদিত নৰ;
অসিমা প্ৰেমৰ জি আস্ৰই
বিস্বাসে লৈচোঁ পাপি মই।

মোৰ মহা পাপতকৈ অপাৰ
অমুল্য তোমাৰ উপকাৰ;
হে য়িচু, তোমাৰ গুন অসিম,
হওক তেনে মোলৈ তোমাৰ প্ৰেম।

অহ, ধোআ, ধোআ পাপ সকল,
মোৰ মনক কৰি সুধ নিৰ্মল,
সেই পাপৰ ভাৰত মোৰ ৰিদই
কেঁকাইচে খেদে অতিসই।

আগ্যা দায়াৰো অহিত পাপ
সৈ কাৰ্হো কৰি দ্ৰিঢ় বিলাপ;
তেও হলে তোমাৰ ক্ৰোধ প্ৰকাস
অন্যাই ন হব মোৰ বিনাস।