পৃষ্ঠা:ধৰম গিত.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১
প্ৰিতি কৰাৰ আৱস্যক।

৯৫

Importance of Charity.
Dissmission. 8, 7.

স্বৰ্গিয় দুত বা মৰ্ত্য লোকৰ
 জদি জানোঁ ভাসা ভাল,
তেও মনত প্ৰিতি ন হলে,
 কেৱল হৈচোঁ বজোআ তাল।

সকল ভবিস্যত কথাকো
 জদি কব পাৰোঁ মই,
তেও মোৰ মনত প্ৰেম ন হলে
 সকল কৰম বিফল হই।

পৰ্বত আঁতৰাব পৰা
 জদি এনে বিস্বাস হই;
জদি মোৰ সকলো বস্তু
দৰিদ্ৰলৈ দিঁও বিলাই

জদি আপোন সৰিলকো
 উচৰ্গিচোঁ বলি ৰুপ,
তেও ৰিদয়ত প্ৰেম ন হলে
 কেৱল ভুঞ্জোঁ ইস্বৰ কোপ।