পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪
ধনন্তৰী বধ।

পদ্মা বোলে শুনা সখি কহো তোমাৰ আগে।
মনুষ্য হৈ বাদ কৰে দেৱতাৰ লগে॥
কমলা বোলয় শুনা আমাৰ বচন।
মন দিয়া শুনা কহো যত বিৰৰণ॥
সৰ্পগণ কঁপি থাকে যাৰ মন্ত্ৰ ডৰে।
হেন ওজাক পদ্মাবতী কি কৰিতে পাৰে॥
হেন শুনি পদ্মাবতী বুলিলা বচন।
ওজাৰ মৰণ কথা কহ মোৰ থান॥
পদ্মাৰ বচনে বোলে কমলা সুন্দৰী।।
টোপলি বান্ধিয়া বিষ খায় ধনন্তৰী॥
কমলাৰ কথা শুনি পদ্মাই পাইলা চল।
ওজাৰ মৰণ কহা আমাৰ গোচৰ॥
সকলে মৰিয়া যায় অমৰ নগৰে।
ওজাৰ মৰণ কথা পুছিবো তোমাৰে॥
শুনিয়া তোমাৰ কথা উপজিল দায়া।
সখি হৈয়া মোত তুমি কহিলা ভাণ্ডিয়া॥
ৰাৱণে তপস্যা কৰে সহস্ৰ বৎসৰ।
অমৰ হইতে ব্ৰহ্মা নাহি দিলা বৰ॥
এহি মতে সখি দেখা যত চৰাচৰ।
একদিন মৃত্যু আছে সবে জগতৰ॥
বাক্য চলে প্ৰপঞ্চিয়া ভাণ্ডা কি কাৰণে
ওজাৰ মৰণ কথা কহা মোৰ থানে॥