পৃষ্ঠা:ধনন্তৰী বধ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ধনন্তৰী বধ।

পদ্মা সঙ্গে আসিয়াছে যত সখিগণ।
সকলক কমলাই কৰাইলা ভোজন॥
সকলক দিব্য বস্তু দিলা কমলাই।
দধি গুৰ চিনি দিলা সীমা সংখ্যা নাই॥
যত বস্তু পদ্মাবতী আনি আছে সঙ্গে।
সকলক ব্যৱহাৰ কৰাইলা ৰঙ্গে॥
সুবৰ্ণৰ বাটা ভৰি কাম সিন্দুৰ দিলা।
একখান সাৰি দিলা লক্ষ টকাৰ মূল্য॥
সহস্ৰ সুবৰ্ণ দিলা সুবৰ্ণ দাপনি।
পাৱত নুপুৰ দিলা ৰুনঝুন শুনি॥
শুদ্ধ পাট বস্ত্ৰ দিলা পিন্ধিবাক লাগি।
সহস্ৰ গহনা পদ্মা আনিলেক মাগি॥
গলত তুলিয়া দিলা সাত সৰী হাৰ।
দুই বাহুত তুলি দিলা সুবৰ্ণৰ তাৰ॥
দুই হাতে পিন্ধাইলেক সুবৰ্ণৰ মুঠি।
দশ আঙ্গুলিত দিলা সুবৰ্ণৰ আংঠি॥
সিখাত সিন্দুৰ দিলা মধ্যত চন্দন।
এক আসনত বসিলেক দুয়োজন॥
নানাবিধ পদ্মাবতী দিলেক অপাৰ।
কমলাই পদ্মাক দিলা মাণিকৰ হাৰ॥
শীতলপাটী পাৰিয়া বসিলা চ’ৰা ঘৰে।
দুই সখি বসিলেক পাশা খেলিবাৰে॥