এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পাতনি।
মহাত্মা কবীৰ আৰু তুলসীদাসৰ দোঁহাবিলাক ইমান শুৱলা আৰু নীতিপূৰ্ণ যে সেই বিলাকৰপৰা কিছুমান বাছি বাছি অসমীয়া ভাঙ্গনী কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। গোটেই বিলাক দোঁহাৰ পদ্যানুবাদ কৰা এই লিখকৰ পক্ষে অসম্ভব। তদুপৰি জাতি-ধৰ্ম্ম-নিৰ্বিশেষে সকলোৱে পঢ়িব পৰাকৈ ৰাইজৰ আগত দোঁহাবিলাক দাঙ্গি ধৰাহে মোৰ অভিপ্ৰায়। গতিকে, বিশেষকৈ ‘ৰামনাম’ ‘হৰিনাম’ থকা দোঁহাবিলাক ইচ্ছা কৰিয়েই বাদ দিয়া হৈছে।
এই কাৰ্য্যত কিমান দূৰ কৃতকাৰ্য্য হোৱা গৈছে তাৰ বিচাৰক পাঠকসকলহে, লিখক নহয়।
এই পুথিথনি প্ৰণয়ন কৰোঁতে সুকবি শ্ৰীযুত হিতেশ্বৰ বৰবৰুৱা প্ৰিয়বন্ধু শ্ৰীযুত পদ্মধৰ চলিহা এম-এ আৰু মিষ্টাৰ চৈফ্উদ্দিন আহমদ, বি,-এচ্-চিৰপৰা লিখকে বহুত উদ্গনি পাইছে; গতিকে এই ক্ষুদ্ৰ পাতনিতে তেখতসকলৰ নথৈ শলাগ লোৱা হৈছে।
শ্ৰীমহানন্দ বৰুৱা।