পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৭১)

যাৰ কাৰণে গড় মাৰিলি
সদায় বেঢ়ি ৰাখোঁ বুলি,
ভকত ভাই, —সিতো পলাল খোলা তুলি!
সত্যক কৰি নজৰ বন্দী,
প্ৰাণৰ দিলি সীমা গণ্ডী
আচাৰ-বিচাৰ  শুচি-চুৱাৰ
ভাল ভকতিৰ লগাই ফন্দী!
ভিতৰ-চুৱা, বাহিৰ শুচি,
গুৰুৰ কিবা অভিৰুচি—
তন্ত্ৰ বিধিৰ বোলা বুলি!
সমাজ শুৱা  ধৰ্ম্মৰ ভুৱা
হিয়া যে তোৰ খালে খুলি!

আহাৰ, ১৮৫৪ শক]