এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
(৬৯)
বহুদূৰ বাট ঘূৰি
আজি দিবা শেষে
পৰিছোঁহি পদূলিত ভিখাৰীৰ বেশে;-
গহীনা সন্ধ্যা অতি নিৰানন্দা,
গগনে মেঘে ঘনে গৰজে ৰোষে;
বিজুলি জিভা মেলি কৰিছে ভ্ৰুকুটি,
আতঙ্কে ধৰণী পৰে চকু মুদি
প্ৰচণ্ড মূৰতি,—ধৰিছে মাৰুতি
ধুমুহা ঢাকি আহে ঘোৰ আক্ৰোশে
নৈৰাশাৰ কালিমাই আৱৰে দিশা,
ভয়াতুৰ অন্তৰ সচকিত কিঙ্কৰ
আসন্ন দেখি বিভীষিকা।
কাতৰে লুটি পৰে চৰণ পাশে।
বহাগ, ১৮৪১ শক ]