পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৬৬)

বহুদিন প্ৰভু! মাতিছো তোক
—আজিৰ দৰে মতা নাই;
বহুদিন প্ৰভু কান্দিলোঁ কাটিলোঁ,
—আজিৰ দৰে কন্দা নাই!
অনাই বনাই ভোগ বিচাৰি
হলোঁ ক্লান্ত দীন ভিখাৰী,
আজি, দুখতে ভাগৰি পৰিছোঁ বাগৰি
চৰণত লুটি খাই।
দশোদিশ আজি দেখোঁ অন্ধকাৰ,
নিৰাশাই বেঢ়ি কৰে হাঁহাকাৰ,
অঘৰী পথিক কাল-সন্ধিয়াৰ
—নিৰালম্ব নিঃসহায়।

কাতি, ১৮৪১ শক ]