পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৬৪)

দুখৰে উপৰি দুখ দিছাতো মোক দয়াময়,—
তুমি সৰ্ব্ব-দুখ-হাৰী  সত্য শুভ প্ৰেমময়,—
তোমাতে যেন মতি হয়।
মই দুখী-নিঃকিন;
তথাচ নুগুণো হীন,
তুমিতো নকৰা ঘিণ
নোযোৱা অকলে থই
কৰি মোক নিৰাশ্ৰয়।
এয়ে মাথো আশীষ মাগো
( সদায় ) তোমাৰে যেন কামত লাগোঁ,—
বিলাই বিপদ যি পাওঁ ভাগত
মঙ্গল প্ৰসাদ বুলি
ৰঙে শিৰত তুলি লৈ।

বহাগ, ১৮৪১ শক ]