পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৫৬)

বাটে ঘূৰণীয়া  পৰ্ব্বত শিলনীয়া,
 কলৈ বাটৰুৱা যাৱ?
দেহাৰ নাই তৰণি,  বুকুৰ কি পোৰণি,
 বিনাই বিনাই বীণ বাৱ,
বাটৰুৱা,  কি দূৰ দেশলৈ চাৱ!
একণি জিৰণি ল,
বাটৰুৱা, এধানি বোজাটি থ;-
কোন সুৱাগীত  মজিলি বৰাগী,
-তেজিলি আপোনাৰ জন!
গীতকে সাধিলি  গীতকে ভজিলি
 গীতকে বুলিলি ধন,
–বিনালি তিনি ভুবন।
গা’ ভাগৰুৱা,  অ’ বাটৰুৱা,—
কি দূৰ দেশলৈ চাৱ,
—বিনাই কি নো গীত গাৱ!

মাঘ, ১৮৫৭ শক ]