পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৫৪)


আজিনো গধুলি-
মনে মোৰ কেনিবা গল?
বনৰো চৰায়ে ৰা-ৰুই, এৰিলে
নিজৰ টোপনি গল
গধূলি,  বতাহো থৰ হৈ ৰল।
 * * *
বিৰিন্দাবনতে তাহানি খনতে
বৰাগী গল বীণ বাই,—
গীততে বলিয়া  মোৰে মন পপীয়া
সুৰৰে অমৃত খাই;
কদমৰ তলতে  সুৰৰ সুৱাগতে
মনে মতলীয়া হল!

  •  * *

যমুনা লুকালে  কদমো শুকালে
বাঁহীটি চুৰমাৰ হল-
গধুলি, মনে মোৰ কেনিবা গল!

পুহ, ১৮৫৫শক ]