পৃষ্ঠা:দেৱ-ধ্বনি.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 

(৩০)

মহগড়,  মহগড়!
জীৱন-মৰণ সঙ্কটৰ
অসঁজাতি মহগড়!
যিদিনা ছয় শতিকাৰ
ভাগ্য বেলি যায় মাৰ
সেই সন্ধ্যা সৌমাৰৰ
ঘটালি কি অথন্তৰ!
বঞ্চি জাতি  আপোন-ঘাতী
থলি খ্যাতি কলঙ্কৰ।
বলি গল কত বীৰ মহাবীৰ,—
তেজৰ তৰ্পণ ললি গিয়াতিৰ,
ধৰণীত লুটি কৰিলে কাকুতি
কত শত ছিন্ন শিৰ,-
তথাচ নহলি থিৰ,
ধৰিলি ৰূপ ভয়ঙ্কৰ;
শেষৰ বন্তি গছো নুমাই
পাৰতে নাও দিলি বুৰাই;
-বিদ্ৰুপ কি ভয়ঙ্কৰ!

আহাৰ, ১৮৫২ শক ]