পৃষ্ঠা:দেৱ-ধ্বনি.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(১৫)

হোজা চহাৰ বৃত্তি ললি,
 ঠাই পালি নিকৃষ্ট।
জন-সমাজৰ  আৱৰ্জ্জনা—
সদায় খাৱ  গৰিহনা,
 পাৱ মাথো অনিষ্ট।
যি সৱে তোৰ আৰ্জ্জনতে
 গৈছে সদায় পোহ
মাৰে ঘূৰি  কীল গোৰ
 সিয়ে দি তোক দোষ!
চাই ৰবি নে  সেই সৱৰে
 আশা কৰি উচ্ছিষ্ট?
বাৰ কাল যায় অকালতে,
 নুপূৰে অভীষ্ট।

মাঘ, ১৮৫৫ শক]