পৃষ্ঠা:দেৱ-ধ্বনি.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেৱধ্বনি
 


(৮)

 আৱ, আৱ, নৱ-যুগ-প্ৰয়াসী;
আৱত নৱ-ৰবি
 সাম্য-মুকুতি-প্ৰেম-জ্যোতি বিকাশি
বিষণ্ণ-জনপদ-পল্লী-নিবাসী—
 বঞ্চিত ৰিক্ত নিৰাশী,
কৰ-ভাৰ-বিহ্বল কৃষী কৃশকায়
 শিল্পী-শ্ৰমিক উপবাসী।

গগনে ঘনঘোৰ ধূমায়িত দিশা,
বিদ্ৰোহ আলোড়িত নৱ বিভীষিকা;—
আৰ্ত্ত ধৰণী-সুত,  আৱত যুগ-দূত
 শুভ সুখ বাৰ্ত্তা প্ৰকাশি।
ধনাঢ্য-লাঞ্ছিত  দীন-দুৰদৃষ্ট,
বিপন্ন জনগণ  অনশন-ক্লিষ্ট,—
আৱ বিপথগামী  যত মুকুতিকামী
 মঙ্গল ন্যায়াভিলাষী
ত্যাগি সকল দুখ  ক্লেদ নৈৰাশা
 জড়তা-ব্যাধি বিনাশি।

আঘোন, ১৮৫২ শক ]