দুখি ভিক্ষি ধনে ধান্যে হৈবেক সম্পূৰ্ণ।
হৰি চিন্তা বিনে আন নকৰিবে যত্ন॥ ৯১১
শ্ৰৱণ কীৰ্ত্তনে হৈবে নাৰায়ণ পৰ।
সেহি কালে বহুত ভকত হৈবে নৰ॥ ৯১২
কি কহিবো ভাৰত বৰিষ সৌমাৰৰ।
সাগৰৰ সীমা কৰি ভকত কৃষ্ণৰ॥ ৯১৩
সাৰদা নদীৰ তীৰ পৰম শোভন।
আছন্ত বৈষ্ণব তাতে লোমশ নন্দন॥ ৯১৪
হৰি সমে একে কলেবৰ হুয়া থাকে।
একক্ষণ মানে হৰি এড়িয়া নথাকে॥ ৯১৫
শ্ৰৱণ কীৰ্ত্তনে বশ্য হৰিক কৰিব।
অনন্তৰে বলিৰাই তাহাঙ্ক আনিব॥ ৯১৬
হস্তি ৰথে ৰাজা সমে আনিব তাহাক।
অনেক সাদৰে বুলিবেক প্ৰিয় বাক্য॥ ৯১৭
তুমি মহাজন আবে চলিবে লাগয়।
অমৰ লোকক তাৰিবাৰ যোগ্য হয়॥ ৯১৮
যেবে বোলা মঞিঁ কেনে তাৰিবো লোকক।
বহু যত্নে তাৰিবে নপাৰো আপোনাক॥ ৯১৯
মোৰ পিতৃ মাতৃ ভাতৃ বৈকুণ্ঠে চলিল।
মোক হঠাৱতে তাৰাসবে এড়ি গৈল॥ ৯২০
কৃষ্ণক স্মৰন্তে মোৰ কলি যুগ ভৈলা।
তথাপি আমাৰ কিছে ভকতি নভৈলা॥ ৯২১
নজানোহেঁ ধ্যান পূজা শিক্ষাদি মন্ত্ৰক।
তপ জপ আন কিছো নজানো জ্ঞানক॥ ৯২২
পৃষ্ঠা:দীপিকা ছন্দ.djvu/৯৫
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮৯ )
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/37/%E0%A6%A6%E0%A7%80%E0%A6%AA%E0%A6%BF%E0%A6%95%E0%A6%BE_%E0%A6%9B%E0%A6%A8%E0%A7%8D%E0%A6%A6.djvu/page95-1024px-%E0%A6%A6%E0%A7%80%E0%A6%AA%E0%A6%BF%E0%A6%95%E0%A6%BE_%E0%A6%9B%E0%A6%A8%E0%A7%8D%E0%A6%A6.djvu.jpg)