ম্লেচ্ছ ৰাজা সবে কৰে লোকক বিঘাত।
স্ত্ৰী বলে কাঢ়ি নেই নাহিকে সঞ্জাত॥ ৬৩৪
লোকৰ জীৱিকা নাশি পোষয় উদৰ।
প্ৰাণীক হিংসিয়া খাই মাংস শৰীৰৰ॥ ৬৩৫
বিপ্ৰসবে ম্লেচ্ছ চাণ্ডালৰ অন্ন খাই।
ভৈলেক পাষণ্ড বিপ্ৰসব সুদ্ধি নাই॥ ৬৩৬
ম্লেচ্ছ নৃপতিক সেৱা কৰে অনুক্ষণ।
ব্ৰাহ্মণ্য গুণৰ কিছু নাহিকে সন্ধান॥ ৬৩৭
লোকৰ মাংসক খাই যেহেন ৰাক্ষস।
ছলে বলে হৰিনেই লোকৰ সৰ্ব্বস্ব॥ ৬৩৮
যজন যাজন কৰ্ম্ম অনুমানো নাই।
পেট পুষিবাৰ যত্ন চাণ্ডালৰ প্ৰাই॥ ৬৩৯
নানা তৰ্ক শাস্ত্ৰ বিহি কৰৈ বলি দান।
ৰতয় অসন্ত বাক্য ব্যাধৰ সমান॥ ৬৪০
দ্বিজ হৈয়ো কৰে ক্ৰয় বিক্ৰয় বেহাৰ।
কৰয় মদ্যক পান নাহিকে বিচাৰ॥ ৬৪১
হৈবেক খলুয়া কষ্ট দেই মহন্তক।
পুত্ৰ পত্নী পুষি নাশ কৰয় লোকক॥ ৬৪২
হৰি হৰি লোকৰ মিলিলা বিসঙ্গতি।
বিহিত কৰ্ম্মক লোকে তেজিলা সম্প্ৰতি॥
কাৰিকৰ সবো ভৈলা পাষণ্ড পৰাই।
ৰাজস্বক দেবস্বক হৰে সমুদাই॥ ৬৪৪
শুদ্ধ সুবৰ্ণক মানে অশুদ্ধ কৰিব।
নাহি সত্য ধৰ্ম্ম শৌচ অন্যায় আছৰিব॥ ৬৪৫
পৃষ্ঠা:দীপিকা ছন্দ.djvu/৬৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে