পৃষ্ঠা:দীপিকা ছন্দ.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৪৭ )


হৈবেক লুপুত হৰি ভকতিৰ পথ।
ব্ৰাহ্মণৰ বাক্যে সবে হৈবেক বিপথ॥ ৪৭১
হৈবেক অধৰ্ম্মকাৰী লোক ভাৰতৰ।
তিনি দিশে তিনি ৰাজা হৈবে অনন্তৰ॥ ৪৭২
এক গোট অশ্বপতি আৰ গজপতি।
অপৰ গোটৰ নাম জানা নৰপতি॥ ৪৭৩
তিনিৰো কাৰ্য্যক ভিন্নে ভিন্নে শুনিয়োক।
দুই গোটা ৰাজাৰ মিলিবে দুখ শোক॥ ৪৭৪
অণু দিনে কলিৰ বাঢ়িবে মহাবল।
তাতে বহুত্তৰ বিপ্ৰে কৈবে অকুশল॥ ৪৭৫
দুয়ো জাতি বিপ্ৰে চৰ্চ্ছিবেক অমঙ্গল।
চল পাই কলিৰ বাঢ়িবে মহাবল॥ ৪৭৬
বাপে পোৱে ভাই ভাই কন্দল কৰিব।
জীৱিকাৰ অৰ্থে ঘোৰ কটা কটি হৈব॥ ৪৭৭
সুৰাপায়ি ম্লেচছৰো লৈবেক দান ধন।
নকৰিবে সিটো জাতি ধৰ্ম্মক ৰক্ষণ॥ ৪৭৮
কতো ৰাজা দূত হুয়া পৰ্য্যটি ফুৰিব।
ধনৰ নিমিত্তে লোকে মাংস চিণ্ডি খাইব॥ ৪৭৯
ব্ৰাহ্মণ্য গুণৰ কিছু নহৈবেক লেশ।
প্ৰাণীক মৰাইবে কৰি ৰাজাৰ আদেশ॥ ৪৮০
অজাতিৰো নাৰীকো হৰিবে দুষ্টগণ।
হৈবে চোৰ কতো হৰি আনিবেক ধন॥ ৪৮১
মিছা বিনে সত্য বাণী নাহিকে মুখত।
হৈবে মহা খলুয়া ব্ৰাহ্মণগণ যত॥ ৪৮২