পৃষ্ঠা:দীপিকা ছন্দ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাবৰ যোগ্য। এই খনি পুথি প্ৰায় এঘাৰশ বছৰৰ আগতে লিখিত বুলি কোনো কোনোৱে কয়।

 পুৰণা পুথি বিলাকৰ আদৰ ৰাইজৰ মাজত বঢ়াটো অতি আনন্দৰ কথা। আমাৰ ধলৰ সত্ৰ পুথি ভঁৰালে আজি আঢ়ৈকুৰি বছৰ ধৰি নানা আপদ বিঘিণি আৰু আলৈ আহু-কালৰ মাজেদি এনে পুৰণা পুথি প্ৰকাশ কৰি সাহিত্য ক্ষেত্ৰলৈ অৰ্ঘ্য নিবেদন দি আহিছে। এই খিনিতে এনে এটি অনুষ্ঠানক মৰমৰ চকুৰে চাবলৈ গোহাৰি জনাই থলো।

 “অল্পমিতি বিস্তৰেণ।”

শ্ৰীনৰনাথ গোস্বামী

ধলৰসত্ৰ
২৩৷৭৷৫৬