পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুমোদনৰ দোষৰ ভিতৰত তেওঁ টকাৰ লোভী হৈ হৰদত্তক ধৰি দিব নালাগিছিল। কলীয়া ভোমোৰা বৰফুকনৰ দোষ নাই। যত দোষ সেই দেশ দ্ৰোহী বদন বৰফুকনৰেই। বিদ্ৰোহৰ গুৰিত বদনেই; অৱশ্যে বদনে সেই বিদ্ৰোহ দমন কৰিব নোৱাৰাতহে ৰজাই কলীয়া ভোমোৰাক বদনৰ ঠাইত পঠিয়ায় আৰু বিচক্ষণ কলীয়া ভোমোৰা বৰফুকনে চলে বলে, কৌশলে, বীৰত্বে, হৰদত্তক পৰাস্ত কৰি ধৰিছিল আৰু ৰাজ আজ্ঞাত তেওঁক শূলত দিছিল। আমি জানো যে বীৰ প্ৰবৰ কলীয়া ভোমোৰা বৰফুকনো দেবী উপাসক শাক্ত আছিল। তেওঁ পদ্মকুমাৰীৰ সেই সোণৰ বৰণ, ৰূপ, মুক্ত কেশ দেখি ইমান স্তম্ভিত হৈছিল যে তেওঁ যেন সাক্ষাত- দেবীকেহে দেখিছিল। সেই কাৰণেহে তেওঁ কুমেদানৰ আৰু মহীৰামৰ হঠাতে হোৱা যুঁজখন থমাব নোৱাৰিলে। কামৰূপীয়া মানুহে জানিছিল যে হৰদত্ত বৰুৱা ঘোৰ শাক্ত আছিল। তেওঁলোকে জানিছিল যে হৰদত্তৰ এনেকুৱা পৰিণাম হব। তেওঁলোকে জানিছিল, যে হৰদত্তক মা দুৰ্গাই চিৰকালেই ৰক্ষা কৰি থাকিব। কিন্তু যেতিয়া দেখিলে যে মা দুৰ্গাই তেওঁক এনেকুৱা পৰিণামৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে, তেতিয়াৰে পৰা কামৰূপীয়া প্ৰজাৰ মাজত দেবী পূজাৰ কথা ওলালেই ফকৰা ওলায় “এঃ! দেবীক পূজিলেনো হ’ব কি? দেখা নাইনে, মাক বলি দিলে মায়ে সেই বলিও খায় অথচ ছলিও (সন্তান) মাৰে”। পাঠক!