পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দেখি পদ্মকুমাৰীয়ে জলদ গম্ভীৰ স্বৰে কলে —“বঙাল! বিশ্বাসঘাতক! তই মোক নুছুবি৷ মোক ছুলেই তই এই খিনিতেই সবংশে নিধন হবি৷ পহ্মকুমাৰীৰ এই বাক্যত কুমেদান হঠাতে থামিল৷ এনেতে সিফালৰ পৰা মহীৰামে মুকলি তৰোৱালে সৈতে আহি কুমেদানৰ আগত পদুমীক পিচত ৰাখি থিয় হৈ ক’লে:—“কি বঙাল! নিমখ হাৰাম! তোৰ এক কালৰ প্ৰভুক যে টকাৰ লোভত ধৰাই দিলিয়েই, এতিয়া সেই প্ৰভু কন্যাকো তই ধৰিব যাৱ৷ খোল তোৰ তৰোৱাল পাষণ্ড! দে মোৰে সৈতে যুজ৷ এই বুলি কৈয়েই মহীৰামে তৰোৱাল তুলিলে৷ কুমেদানেও আত্ম- ৰক্ষাৰ্থে তৎক্ষণাৎ ফাকৰ পৰা তৰোৱাল খুলিলে৷ কুমেদানে কোনো কথা কবলৈ বা জবাব দিবলৈ নৌ পাওঁতেই মহীৰামে অস্ত্ৰ চলালে: শিক্ষিত কুমেদান সিঙে সেই ঘাত নিজৰ তৰোৱাল পাতি আগুৰিলে৷ উভয়ৰে তৰোৱালে তৰোৱালে যুঁজ হল৷ পদ্মকুমাৰীয়েও খন্তেক পৰ শৱটো এৰি গড়াৰ কাষলৈ পিছুৱাই পিছুৱাই গৈ সেই যুঁজ চাব ধৰিলে৷ ৰাইজেও আৰু বৰফুকনেও তধা লাগি চাই ৰল৷ কুমেদানো শিখ বীৰ— অস্ত্ৰ চলোৱাত, বিশেষ, তৰোৱালৰ যুদ্ধত অতি নিপুন৷ মহীৰাম যদিও কোমল বয়সীয়া কামৰূপীয়া কলিতাৰ লৰা, তথাপি তেওঁৰো অস্ত্ৰ শিক্ষা কম নাছিল৷ কুমেদান ধীৰ আৰু অটল, কিন্তু মহীৰাম দুখে শোকে এক প্ৰকাৰ উন্মত্ত আছিল৷ অলপ বেলিৰ মূৰতে