পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নাছিলো; কিন্তু তোমাৰ উপৰি জনাৰ, অৰ্থাৎ বদনৰ নিচিনা পাষণ্ড অত্যাচাৰী বৰফুকনৰ বিৰুদ্ধেহে মই অস্ত্ৰ ধৰিছিলো৷ সি থাকিব লাগিছিল, তেহে সি বুজিলে হেঁতেন কামৰূপীয়া ভীৰু কাপুৰুষ নহয়৷ সি বুজিছিলেই৷
 কলীয়া ভোমোৰা বৰফুকন৷ —অবশ্যে মই বদনে কি কৰিছিল কব নোৱাৰো, কিন্তু তই আহোম সৈন্যৰে সৈতে ৰণ কৰাটোৱেই ৰাজদ্ৰোহ হইছিল৷ তই জাননে যে ৰজাৰ আজ্ঞাত মই তোক শূলত দিবলৈ বাধ্য হৈছো৷ তই যদি এতিয়াও শৰণাপন্ন হৱ, তেন্তে তোক সদ্যহতে পোতাশালত বন্দী কৰি থৈ মই ৰজালৈ জনাব পাৰো৷
 হৰদত্ত৷ —মোৰ বীৰ ভ্ৰাতৃ গল৷ মৰমৰ পত্নী গল৷ মোৰ বাচিবৰ ইচ্ছা নাই; মই শৰণাপন্ন নহওঁ৷ তুমি মোক শূলত বা বৰশীত যিহতে ইচ্ছা হয় দিব পাৰা৷
 কলীয়া ভোমোৰা৷ —তেন্তে মোৰ গাত পাপ আৰু দোষ নাই৷ চাওডাঙ! ইয়াক সৌ খিনিতে শূলত দে৷ ৰাইজে দেখক ৰাজদ্ৰোহীৰ কি পৰিণাম হয়৷
 হৰদত৷ —দে মোক শূলত৷ কিন্তু বৰফুকন! মই মৰণ কালত তোমাক কেই আষাৰমান কথা কওঁ —ৰজালৈ জনাই পঠিয়াবা৷ প্ৰথমতঃ—সি বদন বৰফুকনে আমাৰ কামৰূপীয়াক ইমান দুখ দিলে, ইমান অত্যাচাৰ কৰিলে, সেই বৰ ফুকনৰ আওমৰণে মৰণ হব৷ সিয়েই তহঁতৰ অহোম ৰাজ্য খাব৷ দ্বিতীয়তঃ—ৰজাই কাৰ দোষ কাৰ