কুমেদানে চকু চলচলীয়া কৰি কলে:—“হয়, কিন্তু
তোমাৰ পিতি ইয়াৰ পৰা উঠি গৈছে।
পদ্ম কুমাৰী। —পিতি নো কলৈ গল? মাইক ইয়াতে
পেলাই থৈ নো কিয় গল? চৰ্দাৰ কাকা। তুমি কব
পাৰানে পিতি কলৈ গল? তুমি মোক পিতিৰ ওচৰলৈ,
লৈ যাব পাৰা নে? পিতিয়ে যদি মাইৰ ওপৰত খং কৰিহে
গৈছে তেন্তে মাই ইয়াতে শুই থাকক; মই পিতিক হাতে
গুৰিয়ে ধৰি লৈ আহোঁগৈ। চৰ্দাৰ! মোক লৈ বলা। ”
কুমেদান— বাৰু! চলিয়ে। কুমেদানৰ এই কথাত
পদ্মকুমাৰী গিৰিস্ কৰি উঠি বহিল। ওচৰতে মাকক দেখি
কলে: —অ! মাই দেখোন শুয়ে আছে। বাৰু! মাইক
নজগাওঁ। পিতিক লৈ আলি মাইক জগাম। অ, মোৰ
স্বামী খৰি কটিবলৈ গৈছে নহয়! বাৰু তেৱোঁ আহক।
মই পিতিক আনোঁ গৈ। পিছত এটাই বিলাকে লগ লাগি
বিলৰ পৰা পানী মানিম। অ, বিলত অকৌ ফেটী সাপ!
বাক থাকক ফেটী সাপ। পানী আনি বাঁহৰ চুঙাত মই ভাত
ৰান্ধিম। এটাই বিলাকে দেখা দেখিকৈ খাম। চৰ্দ্দাৰ!
বলা, বলা, বেলি হল পিতিক ফিৰাই আনো গৈ। এই
বুলি কৈয়েই পদ্মকুমাৰী একে কোবে থিয় হল। থিয়
হৈয়ে আকৌ ঢলি পৰিল। কুমেদানে আকৌ থাপ মাৰি
ধৰিলে। পদ্ম কুমাৰীয়ে কলে:—“বৰ পিয়াহ লাগিছে। ”
কুমেদানে তেতিয়া পানী থকা বাঁহৰ চুঙা এটা দিলে। তেওঁ
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে