পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


শিখৰ চৰ্দাৰ কুমেদানে দেখিলে যে সদায় প্ৰজাৰ ওপৰত অত্যাচাৰ কৰি দৰমহা আৰু ৰছদ লই থকাটো সহজ আক সুবিধাৰ কাম নহয়; সেইদেখি তেওঁ এইবাৰ আহিন মাহ পৰোতেই বীৰদত্তক কই তেওঁৰ শিখ ৰণুৱা সকলক লগত লই পঞ্জাবলৈ উলটিবৰ মন কৰি জিকেৰি এৰি পচিম মুখে খোজ ললে৷ শিখসকলক যাব বুলি খৱৰ শুনি উদ্যোগী কলিয়া ভোমোৰা বৰফুকনে চোৰাং-চোৱা পঠিয়াই, নল বাৰিতে শিখ সকলক চোৰাং-চোৱা আৰু চাঁদকুচীয়া বুজৰ বৰুৱাক লগোৱাই, হাজোৰ বাটেৰে পচৰীয়া দলবাৰী আৰু বংশৰলৈ আনি ব্ৰহ্মপুত্ৰ পাৰকৰাই গুৱাহাটীলৈ আনিলে, আৰু পঞ্জাবলৈ উলটি যাবলৈ নিদি নিজৰ ইওৰোপীয় ধৰণে শিক্ষিত পাঁচ শ আহোম ৰণুৱাৰ লগত ভূক্ত কৰি ললে৷ বেলতলা, লুকী, ডুমুৰীয়া ইত্যাদি ৰজা সকলৰ পৰাও চাৰি পাঁচ শকৈ ৰণুৱা আনি মুঠতে ১৫০০ পোন্ধৰ শ ৰণুৱা, গোটাই লই খৰালিৰ আৰম্ভতে হৰদত্তৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে৷ তেওঁ তেওঁৰ সেই পোন্ধৰ ষোল্ল শ সৈন্য তিনি ভাগ কৰি তিনিফাললৈ পঠিয়ালে৷ চেঁচামুখলৈ যোৱা ভাগৰ লগত তেওঁ আক কুমেদান উভয়ে গ’ল৷ আন দুভাগৰ লগত দুজন আহোম সেনাপতি পঠিয়ালে৷ তেওঁ আৰু কুমেদান উভয়ে যে চেঁচামুখৰ ভাগলই গইছিল ইয়াৰ কাৰণ এই, তেওঁ জানিছিল এইখান দুৱাৰলৈ বীৰদত্ত আহিব৷