পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


তেনে স্থলত কাৰ ঘৰলৈ নো জীয়েকক পঠাব৷ তেওঁ এই কথাত ধনৰীয়া চৌধাৰীয়ে জনাই পঠিয়ালে যে “কিয়, তেওঁৰ ঘৰেই জানো মহীৰামৰ ঘৰ নহয়! বৰুৱানীয়ে কই পঠিয়ালে যে তেওঁৰ ঘৰেই মহীৰামৰ ঘৰ হোৱা হলে মহীৰাম সৰুৰে পৰা তাতেহে ডাঙৰ দীঘল হব লাগিছিল৷ তাৰ শৈশৱ কালত কেৱে যেতিয়া তাৰ গৰাকী নোলাল, এতিয়া কিশোৰতনো তাৰ কোন গৰাকী ওলাল? এতেকে ধনৰীয়া সকলে মহীৰামক এৰিয়েই বিদায় হই যাওক৷ ” বৰুৱানীৰ এনেকুৱা স্পষ্ট জবাবত ধনৰীয়া চৌধাৰীয়ে মৰণান্তিক বেজাৰ পালে৷ মহীৰামক হৰদত্তৰ ঘৰতে এৰি সুদা দোলা দুখান লই ধনৰীয়া সকলে উলটি গল৷ ধনৰীয়া চৌধাৰীৰ মনত হৰদত্ত বৰুৱা এক প্ৰকাৰ বৈৰী হল৷
 আৰু পাঠক! বিয়াৰ পিছত মহীৰাম আৰু পদুমক লই গাৱঁৰ মাইকীবিলাকে স্ত্ৰী-আচাৰৰ যিবিলাক ৰঙ ধেমালি কৰিছিল আৰু মহীৰাম পদুমে বিবাহৰ পিছত কি কথা বতৰা হইছিল, সেইবিলাক আমি কব নোৱাৰোঁ, যিহেতু সেইবিলাক ঠাইলৈ আমাৰ প্ৰবেশ নিষেধ আছিল৷ আপোনাসকলেই অনুমান কৰি লওক৷ আমি উপন্যাস কাৰকে মাথোন ইয়াকে কব পাৰোঁ, যে যি ক্ষেত্ৰত বৰ কন্যাৰ আগৰে পৰা প্ৰীতি থাকে, সেই ক্ষেত্ৰত উভয়ে- উভয়ক বিবাহ-সূত্ৰত আৱদ্ধ হই চিৰলগৰীয়া পালে যে কি স্বৰ্গীয় সুখ হয়, তাক জানোতাইহে জানে৷