এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তৃপ্ত চন্দ্ৰ
হৰ্ষ-সানি;
কোন সি দেৱতা! জ্বালিম প্ৰদীপ
পুজিম আমিনো
হব্য দানি?
অঞ্জলি দিওঁ কোন দেৱতাক?
কিবা সি মন্ত্ৰ
কিবা সি বাণী?
মহিমাতে যাৰ লভিছে জন্ম
হিমৰ গিৰি,
ৰসধাৰ বয় নদী- সিন্ধুৱে
পৃথিবী ঘেৰি;
দশোদিশ যাৰ অভয় হস্ত
আছে যে ছানি,
কোন সি দেৱতা! অঞ্জলি দিম
পুজিম আমিনো
হব্য দানি?
অঞ্জলি দিওঁ কোন দেৱতাক?
কিবা উপচাৰে
কিবা সি বাণী?
আত্মা যি দিয়ে, শক্তি যি দিয়ে
(৪২)