পৃষ্ঠা:তীৰ্থ-যাত্ৰী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নিবেদন

 স্বৰ্গীয় কৰ্ম্মবীৰ নবীন চন্দ্ৰ বৰদলৈদেৱৰ কেইটামান কবিতা হাতে লিখা অৱস্থাতে কাকতৰ পাতত মৰহি যোৱা অৱস্থাৰপৰা গোটাই এই সৰু কবিতাৰ পুথি “তীৰ্থ-যাত্ৰী” ৰাইজৰ আগলৈ উলিয়াবলৈ যত্ন কৰিলোঁ। এই কবিতাবোৰ আলোচনীৰ পাতত মাজে সময়ে প্ৰকাশ পাইছিল। জাতীয় সঙ্গীতসমূহ কৰ্ম্মবীৰ বৰদলৈয়ে জেইল জীৱনত লিখা। ১৯২১ চনৰ জন জাগৰণৰ অৰ্থে বৰদলৈদেৱৰ ৰচিত এই সঙ্গীতসমূহ তেখেতৰ প্ৰাণৰ সঙ্গীত ৰূপে দেশ জাগৰণত বৰঙনী যোগাইছিল। এই গীতবোৰৰ লগত ৰাইজৰ পৰিচয় আগৰেপৰা আছে। কেইটা মান গীত “কৃষ্ণলীলা” নাটকৰ কাৰণে ৰচনা কৰিছিল। সেই গীতকেইটাও তীৰ্থ-যাত্ৰীত তুলি দিয়া হ'ল। শেষত চৰকাৰী প্ৰকাশন বোৰ্ডে এই পুথিখনি প্ৰকাশৰ বাবে অৰ্থ সাহায্য দিয়াত বোৰ্ডৰ ওচৰত আন্তৰিক কৃতজ্ঞতাৰে শলাগ জনাই সামৰণি মাৰিলোঁ।


বিনীতা—
শ্ৰীনলিনীবালা দেবী
গুৱাহাটী
১৯৬০ চন